Show/Hide Keyboard Layout

জানো জানো জানো

- জ্যোতিপ্ৰসাদ আগৰৱালা

জানো জানো জানো

বিফলে নাযায় মোৰো গানো

মোৰ য’ত অশ্ৰুজল

তীৰ্থ জলেৰে মিলি

উজলিব পৃথিৱীৰ

কোষাই কোষাই

জানো জানো জানো ।

 

মোৰ য’ত অভিনৱ গান

বিকশিত কমলৰ গন্ধ সমান

জানো জানো

জগাব সি বিশ্বৰ প্ৰাণো ।

 

অকলশৰীয়া সেই পুৱতিৰ তৰা

আপোনাৰ গানতেই আপুনি বিভোৰা

ঊষাৰ কোলাতে মাৰ যায়

পোহৰত হাঁহিটি মিলাই

জানো জানো জানো

বিফলে নাযায় তাৰো গানো ।

 

জাগা অভিনৱ ছন্দে

মৌন মুগ্ধ য’ত শব্দ কমল দল

কণ্ঠে কণ্ঠে অৰ্ব্বুদবৃন্দে

জাগা অমৃত সুৰবাণী পৰমানন্দে ।।

Hits: 4610